Saraswati Puja 2023: ধেমাজিৰ শিক্ষানুষ্ঠানত গছৰ ডাল-পাতেৰে নিৰ্মিত প্ৰতিমা

By

Published : Jan 26, 2023, 4:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজি ৰাজ্য়জুৰি পালন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা(Saraswati Puja 2023) । এই সৰস্বতী পূজাক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে ৰাজ্য়ৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয় তথা বিভিন্ন শিক্ষানুষ্ঠানত । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ ছাত্র-ছাত্ৰীসকলৰ মাজত পৰিলক্ষিত হৈছে উৎসাহ (Saraswati Puja in Assam) ।

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ লগতে ধেমাজিতো একেই ছবি প্ৰতিপলিত হয় (Saraswati Puja celebrated in Dhemaji)। জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয় সমূহো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰে ৷ এই জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত বাগদেৱী সৰস্বতীৰ আশিস বিচাৰি তেওঁৰ চৰণত প্ৰণিপাত জনাই ছাত্র ছাত্ৰীসকলে ৷ কেইবাখনো শিক্ষানুষ্ঠানত ব্য়তিক্ৰমী ৰূপত দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰা হয় ।  

ধেমাজিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ডায়েটত এক ব্য়তিক্ৰমী মূৰ্তিৰে দেৱীক আৰধনা কৰা হয় (Saraswati Puja celebrated in Dhemaji diet) । এই শিক্ষানুষ্ঠানখনত মাটিৰ প্ৰতিমাৰ বিপৰীতে গছৰ ডাল-পাতেৰে নিৰ্মাণ কৰা হৈছে প্ৰতিমা । সৰস্বতীৰ দেৱীৰ মাটিৰ প্ৰতিমাৰ সলনি এই কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষক সকলে নাৰিকলৰ পাত ,কলপাতৰ লগতে ধান খেৰ আদিৰে দেৱীৰ মূৰ্তি নিৰ্মান কৰি উপাসনা কৰে ৷ অৱশ্যে গণৰাজ্য দিৱসৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ উৎসাহ কমকৈ পৰিলক্ষিত হয় । উল্লেখ্য যে ধেমাজিৰ ডায়েট কেন্দ্ৰটোত প্ৰতি বছৰে এনেদৰে ব্যক্তিক্ৰমী ৰূপত সৰস্বতীৰ মূৰ্তি নিৰ্মান কৰি অহা হৈছে । প্ৰশিক্ষাৰ্থীসকলক কাৰিকৰী শিক্ষাৰ লগতে কৰ্মমূখী শিক্ষাৰ দিয়া উদ্দেশ্যে এইদৰে ব্য়তিক্ৰমী মূৰ্তি নিৰ্মান কৰি আহিছে বুলি কয় অধ্যক্ষ গৰাকীয়ে ৷

এই জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ ভিতৰত বিশেষকৈ ডায়েট কেন্দ্ৰটোত দেখা গৈছে শিক্ষাৰ্থীৰ ব্যাপক ভিৰ ৷ পুৱাৰে পৰা ডায়েট কেন্দ্ৰটোত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সমাগমে এক উৎসৱ মুখৰ পৰিৱেশেৰ সৃষ্টি কৰে । আনহাতে, শিক্ষাৰ্থীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰাত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় (Cultural function in Dhemaji on Saraswati Puja)।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.