চোৰৰ বিড়ম্বনা: মই এইবোৰ প্ৰেমৰ কাৰণে কৰিছিলো....

By

Published : Aug 5, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক (Guwahati smart police) পুনৰ চেলেঞ্জ চোৰৰ ৷ কেমেৰাৰ সন্মুখতেই চোৰে দিন দুপৰতে সামগ্ৰী চুৰি কৰি পুলিচক প্ৰত্যাহ্বান জনায় প্ৰেমিক চোৰে ৷ মহানগৰীৰ চান্দমাৰি থানাৰ জ্যোতিনগৰত সংঘটিত হৈছে এই ঘটনা ৷ জ্যোতিনগৰৰ বাসিন্দা ৰাকেশ শৰ্মাৰ ঘৰত যোৱা 25 জুলাইত ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে দুজন চোৰে আহি ঘৰৰ তলা ভাঙি নগদ ধন আৰু বহু মূল্যবান সামগ্ৰী লুটি নিয়ে ৷ ঘৰৰ গৰাকী ৰাকেশ শৰ্মাই ঘৰলৈ আহি ঘৰত চুৰি হোৱা কাৰ্য ধৰা পেলাই৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাকেশ শৰ্মাই চান্দমাৰি থানাত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰাকেশ শৰ্মাৰ ঘৰৰ চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি বৃহস্পতিবাৰে নিশা দুই চোৰক গ্ৰেপ্তাৰ কৰে ৷ ধৃত চোৰ দুটা বামুনিমৈদামৰ বিশ্বজিৎ সূত্ৰধৰ ওৰফে টিকলা গাহৰি আনজন হৈছে জ্যোতিনগৰৰ বাবুল আলী ৷ অন কেমেৰা টিকলাই কয়," মই এইবোৰ প্ৰেমৰ কাৰণে কৰিছিলো ৷" প্ৰেয়সীক সামগ্ৰী যোগান ধৰাৰ বাবে চুৰি কাৰ্যত লিপ্ত হৈছিল বুলি অকপট স্বীকাৰোক্তি টিকলাৰ (Thief admitted to stealing for his girlfriend)৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.