পুৱতি নিশা মঙলদৈৰ পুনিয়াত পথ দুৰ্ঘটনাত আহত ৭

By

Published : Sep 20, 2022, 4:49 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

মঙলদৈৰ পুনিয়াত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Mangoldoi)। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু নৈশ বাছৰ মাজত হোৱা মুখামূখী সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনাৰ বিৱৰণি অনুসৰি পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বাছখনত থকা ৭ গৰাকী যাত্ৰী গুৰুতৰ ভাৱে আহত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । অৱশ্য়ে পিছত চিকিৎসাকে ৬ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ(GMCH)লৈ প্ৰৰণ কৰে । জানিব পৰা মতে, গুৱাহাটীৰ পৰা তেজপুৰৰ অভিমূখে আহি থকা NL 01 k 6178 নম্বৰৰ ট্ৰাকখনে যোৰহাটৰ পৰা আহি থকা AS 01 DD8746 নম্বৰৰ নৈশ বাছখনত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.