কোকিলাত পথ দুৰ্ঘটনাত আহত যুৱক

By

Published : Sep 19, 2022, 6:17 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ (Road accident at Kokila in Bongaigaon)চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত যোৱা নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা । বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাৱঁৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে নিশা গোলাপাৰাৰ পৰা প্ৰেমিকাক মটৰ চাইকেলৰে পলুৱাই নিয়াৰ সময়তে ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় । গোলাপাৰাৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে কিশোৰীগৰাকীৰ পৰিয়ালে জানিব পাৰি যুৱকজনৰ পিছে পিছে আগবাঢ়ি অহাত মটৰ চাইকেলৰ গতি বৃদ্ধি কৰাৰ ফলত নাম্বাৰপাৰা ২য় খণ্ডত দুৰ্ঘটনাত পতিত হয় । উক্ত দুৰ্ঘটনাত শ্বহিদুল গুৰুত্বৰ ভাৱে আহত হয় । পিছত আহত শ্বহিদুলক ততাতৈয়াকৈ এম্বুলেঞ্চৰে স্থানীয় ৰাইজে চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.