Republic Day 2023 : ধেমাজিৰ কাছাৰী ময়দানত গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2023, 11:44 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ধেমাজি,২৬ জানুৱাৰী : দেশজুৰি উদযাপন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। অসমৰো প্ৰতিখন জিলাতে প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Republic Day celebration in Assam)। দিৱসৰ কাৰ্যসূচী উপলক্ষে পুৱাই পতাকা উত্তোলনেৰে এই দিৱসৰ আৰম্ভ হৈছে । বাকী জিলাসমূহৰ দৰে ধেমাজি জিলাতো প্ৰশাসনে আয়োজন কৰিছে ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ ।

ধেমাজিৰ কাছাৰী ময়দানত জিলা প্ৰশাসনে আয়োজন কৰা এই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই (DC hoists flag at Dhemaji)। জিলা প্ৰশাসনে পুৱা প্ৰায় ৫.৩০ বজাত অনুভাষ যন্ত্ৰৰ জৰিয়তে দেশপ্ৰেমমূলক গীত পৰিৱেশনেৰে এই দিৱসৰ দিনজোৰা বিস্তৃত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । পুৱা ৭ বজাত নিজ নিজ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদত পতাকা উত্তোলন কৰাৰ পাছতে পুৱা ৭.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত প্ৰতিটো চৰকাৰী কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয় ।

পুৱা ৮.৩০ বজাত কাছাৰী ময়দানৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনৰ কৰা পাছত ৮.৪৫ বজাত ধেমাজি মহাবিদ্যালয়ত থকা শ্বহীদ স্তম্ভত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । পুৱা ৯ বজাত ধেমাজি কাছাৰী ময়দানত আৰম্ভ হোৱা অনুষ্ঠানত জাতীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰি কুচ-কাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য‌ই (Republic Day celebration in Dhemaji)। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ মুঠ ২৮ টা দলে এই পেৰেডত অংশগ্ৰহণ কৰে ।

ইয়াৰ পাছতেই ৰাইজক উদ্দেশ্যি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ওপৰত ভাষণ প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে । জিলা প্ৰশাসনে আয়োজন কৰা এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । ইফালে এই অনুষ্ঠানত প্ৰশাসনৰ বিভিন্ন বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইয়াৰোপৰি গণৰাজ্য দিৱসৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.