74th Republic Day: জোনাইত মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2023, 1:45 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

জোনাই, ২৬ জানুৱাৰী: আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে (74th Republic Day in Assam)। সমগ্ৰ দেশজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পালন কৰিছে এই গণৰাজ্য দিৱস । দেশৰ আন ৰাজ্য়ৰ লগতে অসমৰো প্ৰতিখন জিলাতে প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।এই উপলক্ষে  বিদ্যালয়-মহাবিদ্য়ালয়, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহতো পুৱা জাতীয় পতাকা উত্তোলনেৰে এই দিৱস পালন কৰা হৈছে । যুগদ্ৰষ্টা মনীষী ড॰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণিত দেশৰ সংবিধান গৃহীত হোৱা ঐতিহাসিক দিনটোতেই পাল কৰা হৈছে এই দিৱস ৷ সেয়েহে এই দিৱসত ড॰ আম্বেদকাৰৰ লগতে সংবিধান সভাৰ সমূহ সদস্যকে শ্ৰদ্ধা স্মৰণ কৰা হৈছে ।

ৰাজ্য়ৰ প্ৰতিখন জিলাৰ লগতে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কার্যসূচীৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় (74th Republic Day celebrated in Jonai)। জোনাইৰ গান্ধীময়দানত পালন কৰা এই দিৱসত শ শ ৰাইজৰ লগতে প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে (Republic Day Parade at Jonai Gandhimaidan)। পুৱা ৯ বজাত জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে । ইয়াৰ পিছতেই তেওঁ আৰক্ষীৰ অভিবাদন গ্রহন কৰে । এই পেৰেডত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ১১টা দলৰ লগতে অসম আৰক্ষীৰ এটা দলে কুচকাৱাজত অংশগ্ৰহণ কৰে ৷ ইয়াৰ লগতে কেইবাটাও দলে দেশপ্ৰেম মূলক সাংস্কৃতি কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷

ইপিনে,ৰাজ্যৰ সকলো জিলাতেই এই দিৱসৰ কাৰ্যসূচীত যাতে উগ্ৰপন্থী সংগঠনে কোনো কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰে । বৰ্তমানলৈকে ৰাজ্য়খনত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই । গণৰাজ্য দিৱস উপলক্ষে ৰাজ্য়ৰ বিভিন্ন ঠাইত মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ লগতে সাংবাদিক আদিকো সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে জিলা তথা স্থানীয় প্ৰশাসনে । তদুপৰি  চৰকাৰী চিকিৎসালয়সমূহত ৰোগীসকলৰ মাজত ফল-মূলৰ উপৰি খাদ্য় আদিও বিতৰণৰ কৰে প্ৰশাসনৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.