Rare deer at Kaziranga: কপাহৰ দৰে জিলিকি থকা পহুৱে দৃষ্টি কাঢ়িছে কাজিৰঙাৰ পৰ্যটকৰ

By

Published : Nov 21, 2022, 1:37 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

মুগাৰ লগত কপাহৰ দৰে জিলিকি থকা এটা পহু (Rare deer at Kaziranga) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চেণ্ট্ৰেল ৰেঞ্জ কহঁৰাত দৃশ্যটো বন্দী হ’ল এগৰাকী টুৰিষ্ট গাইডৰ কেমেৰাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনে দৃশ্য দুৰ্লভ যদিও বগা ৰঙৰ পহুটোৱে দৃষ্টি আকৰ্ষণ কৰিছে বহু পৰ্যটকৰ ৷ কাষতে থকা মুগা বৰণৰ আনটো হগ ডিয়েৰ বা ছাগলী পহুৰ লগত বৰণটোৰ বাদে আকৃতিগত কোনো পাৰ্থক্য নাই বগা বৰণৰ পহুটোৰ (Indian hog deer)৷ এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga national park) কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, এয়া পহুৰ কোনো বেলেগ প্ৰজাতি নহয় ৷ বগা বৰণৰ পহুটো সচৰাচৰ পোৱাৰ দৰে হগ ডিয়েৰৰ বংশধৰ ৷ জেনেটিক কাৰণত পহুটোৰ বৰণ মুগাৰ সলনি হৈ পৰিছে বগা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত দুটা বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত এটাকৈ মুঠ চাৰিটা বগা বৰণৰ হগ ডিয়েৰৰ উপস্থিতি দেখা পোৱা গৈছে (Rare colour deer at Kaziranga)৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.