Public Meeting in Barpeta: জেহাদীৰ পত্ৰ উদ্ধাৰক লৈ বৰপেটাত ৰাইজমেল

By

Published : Jan 25, 2023, 8:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটাৰ বহৰিৰ বুনাগোসাঁই থানত জেহাদীৰ নামত পত্ৰ পেলাই থোৱা ঘটনাক লৈ আজিও অব্যাহত আছে চাঞ্চল্য ৷ বান্দালী জেহাদী ক্লাৱৰ নামত পত্ৰ প্ৰেৰণৰ ঘটনাক লৈ বুধবাৰে বান্দালী গাঁওবাসীয়ে বান্দালী আঞ্চলিক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰে এখন ৰাইজমেল(Public Meeting in Barpeta over jihadi threat letter) ৷ বান্দালী গাঁৱৰ পুৰুষ মহিলাসহ সকলো গাওঁবাসীৰ উপস্থিতিত অনুষ্ঠিত ৰাইজমেলত এনে ঘটনাৰ নিন্দা কৰাৰ লগতে ঘটনাৰ সৈতে জৰিত দুস্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমুলক শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে ৰাইজে ৷ 

এইক্ষেত্ৰত আৰক্ষী অথবা সেনাক সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে বান্দালী গাওঁবাসীয়ে ৷ বান্দালী ৰাজহুৱা খেল পথাৰত সমাজকৰ্মী আবু চায়েদৰ সভাপতিত্বত অনুষ্ঠিত ৰাইজমেলত চেঙাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে বহৰিৰ কেবাগৰাকীও লোকে অংশগ্ৰহণ কৰে ৷ বহৰিৰ সৈতে অঞ্চলটোৰ মুছলমান লোকসকলৰ ঐক্য অক্ষুন্ন ৰাখিবলৈ আৰু এনে দূস্কাৰ্যৰ সৈতে জৰিত দূস্কৃতিকাৰীক আটকৰ ক্ষেত্ৰত অঞ্চলটোৰ সকলোকে সহযোগৰ আহ্বান ৰাইজমেলত উপস্থিত ৰাইজৰ ৷ বান্দালী গাঁৱক অপযশ দিয়া কাৰ্যৰ সৈতে জৰিত দূস্কৃতিকাৰীক শীঘ্ৰে চিনাক্ত কৰাৰ বাবে প্ৰশাসনক বান্দালীবাসীয়ে স্মাৰক পত্ৰ প্ৰদানৰো প্ৰস্তাৱ গ্ৰহণ কৰে উক্ত ৰাইজমেলত ৷ 

উল্লেখ্য যে, মঙলবাৰে পুৱাই বহৰি সত্ৰৰ বুনাগোসাঁই থানত উদ্ধাৰ হৈছিল জেহাদীয়ে পেলাই থৈ যোৱা কেইবাখনো পত্ৰ(Jihadi threatening letter) । ভাগৱত থান হিচাপে পৰিচিত মন্দিৰভাগৰ তোৰণৰ তলত আৰু মন্দিৰ চৌহদত জেহাদীৰ নামত পেলাই থৈ যায় কেবাখনো ভাবুকি পত্ৰ(Jihadi threatening letter recovered in Barpeta) ৷ বহৰি সত্ৰবাসীক গো-মাংস খাবলৈ ভাবুকি প্ৰদান কৰা বাক্য লিখা উক্ত পত্ৰ পোৱাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য(Reaction in Barpeta over jihadi threat letter) ৷ 

ভাবুকি পত্ৰখনৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো চেলেঞ্জ কৰি লিখা আছিল কেতবোৰ বিস্ফোৰক বাক্য । পত্ৰখনত লিখা আছিল, ‘‘হিমন্ত বিশ্ব শৰ্মাক শাওঁ দিছো ৷ দম আছে যদি বান্দালি ৰিজাৰ্ভত উচ্ছেদ চলাওক’’ ৷ আনকি হিমন্ত বিশ্ব শৰ্মাক কাটি পেলোৱাৰো ভাবুকি প্ৰদান কৰা হৈছিল পত্ৰখনত ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.