Protest at Manikpur: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আবাদী গাঁৱত প্ৰতিবাদ

By

Published : Nov 8, 2022, 8:30 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

প্ৰায় 15-16 দিনে বিদ্যুৎ যোগান ব্যাহত হৈ আছে মাণিকপুৰৰ আবাদী গাঁৱত ৷ ইয়াৰ একমাত্ৰ কাৰণ বিদ্যুৎ বিভাগৰ হেমাহি ৷ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই অন্ধকাৰত দিন কটাইছে আবাদী গাঁৱৰ ৰাইজে ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰিছে আবাদী গাঁৱৰ ৰাইজে ৷ বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া মাণিকপুৰৰ আবাদী গাঁৱত বিদ্যুৎ বিভাগৰ এই এই কাণ্ডত অতিষ্ঠ হৈ পৰিছে গাওঁবাসী ৷ উপায়ন্তৰ হৈ সোমবাৰে বিদ্যুৎ বিভাগ আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজৰ লগতে বীৰ লাচিত সেনাই (Protest Against Electricity Dept at Manikpur) ৷ যদিহে শীঘ্ৰই আবাদী অঞ্চলত বিদ্যুৎ সেৱা নিয়মীয়া নকৰে তেন্তে অনাগত দিনত বীৰ লাচিত সেনাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি দিয়ে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.