Pradhan Mantri Matsya Sampada Yojana: নৈত মাছৰ পোনা মুকলি অভিযান

By

Published : Dec 3, 2022, 4:23 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

মীন বিভাগৰ জৰিয়তে ৰাজ্যৰ নৈ সমূহত মাছৰ বংশবৃদ্ধিৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ ( Pradhan Mantri Matsya Sampada Yojana) অধীনত মাছৰ পোনা মেলি দিয়া কাম আৰম্ভ হৈছে ৷ শনিবাৰে বৰপেটাৰ নখান্দা নৈত মাছৰ পোনা মেলি এই আঁচনিখন শুভাৰম্ভ কৰে বৰপেটা জিলা মীন বিভাগে (Barpeta District Fishery Department) ৷ নখান্দা নৈত ৰৌ, ভকুৱাকে আদি কৰি বিভিন্ন প্ৰজাতিৰ প্ৰায় ৫০ হাজাৰ মাছৰ পোনা মেলি দিয়া হয় ৷ নৈসমূহত মাছৰ পোনা মেলি দিয়াৰ ফলত নৈ বা বিলসমূহত মাছৰ বংশ বৃদ্ধি হ’ব বুলি আশাবাদী মীন বিভাগ ৷ ইপিনে ৰাজ্যখনত প্ৰায় দুই শতাধিক থলুৱা মাছৰ প্ৰজাতি থকা বুলি উল্লেখ কৰি থলুৱা মাছ সংৰক্ষণৰ বাবে মীন আইন কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মীন বিষয়াই ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.