Actor Diganta Hazarika : পুত্ৰৰ সাফল্যত আৱেগিক মাতৃ; দিগন্ত হাজৰিকাই লাভ কৰিলে মাতৃৰ শুভেচ্ছা

By

Published : Jan 25, 2023, 5:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বহু বিতৰ্কৰ অন্তত মুক্তিলাভ কৰিলে আদিত্য চোপ্ৰা প্ৰযোজিত পাঠান ছবিয়ে (Pathan Movie)৷ শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহমৰ উপৰিও বহু বলীউড তাৰকাৰ সমাৱেশ ঘটা ছবিখনৰ এক বিশেষ চৰিত্ৰ ৰূপায়ন কৰিছে অসম সন্তান দিগন্ত হাজৰিকাই (Actor Diganta Hazarika)৷

পাঠান ছবিত অভিনয় কৰা নগাঁৱৰ দিগন্ত হাজৰিকাক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে জন্মভূমি নগাঁৱত (Diganta Hazarika birthplace) ৷ ইতিপূৰ্বেই বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ পুৰণিগুদামৰ দিগন্ত হাজৰিকাই বহুচৰ্চিত বিগ বাজেটৰ ছবি পাঠানত অভিনয় কৰাৰ সুযোগ লাভৰ পাছতে অসমবাসীৰ লগতে জন্মভূমি নগাঁওবাসীয়েও অভিনন্দন জনাইছে দিগন্ত হাজৰিকাক (Diganta Hazarika in Pathan)৷ বৃহস্পতিবাৰে পাঠান ছবিয়ে মুক্তিলাভ কৰাৰ পাছতেই দিগন্ত হাজৰিকাৰ বাসগৃহৰ লগতে দিগন্ত হাজৰিকাই অধ্যয়ন কৰা বিদ্যালয়তো দেখা পোৱা গ’ল এক উৎসৱমুখৰ পৰিৱেশ ৷

মাতৃ জ্যোতি হাজৰিকাই(Mother of Diganta Hazarika) ফোনযোগে সুযোগ্য সন্তানক জনালে শুভেচ্ছা ৷ দিগন্ত হাজৰিকাৰ প্ৰয়াত পিতৃক সুঁৱৰি আবেগিক হৈ পৰিল মাতৃ জ্যোতি হাজৰিকা ৷ পুত্ৰই বলীউডৰ দৰে এখন মঞ্চত খোপনি পুঁতিবলৈ সক্ষম হোৱাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিল মাতৃ জ্যোতি হাজৰিকা ৷ আনহাতে অভিনেতা দিগন্ত হাজৰিকাই অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও নিজ বিদ্যালয়ৰ ছাত্ৰৰ সাফল্যত গৌৰৱাম্বিত হৈ শুভেচ্ছা জনোৱাৰ লগতে ছাত্ৰ দিগন্তলৈ মনত পেলালে ৷

১৯৮৪ চনৰ ২৩ ছেপ্টেম্বৰত পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱত জন্মগ্ৰহণ কৰিছিল দিগন্ত হাজৰিকাই । দিগন্ত হাজৰিকাৰ পিতৃ প্ৰয়াত কুঞ্জ হাজৰিকা আৰু মাতৃ জ্যোতি হাজৰিকা । বৃহস্পতিবাৰে বলিউড কিং শ্বাহৰুখ খানৰ সৈতে দিগন্ত হাজৰিকাই অভিনয় কৰা ছবি পাঠানৰ মুক্তিলাভৰ পাছতেই মাতৃ জ্যোতি হাজৰিকাই ফোনযোগে শুভেচ্ছা জনাই আবেগিক হৈ পৰা দেখা গ’ল ৷

উল্লেখ্য যে, 2016 চনত মুক্তিলাভ কৰা বলীউড ছবি মহেঞ্জোদাৰোতো দিগন্ত হাজৰিকাই অভিনয় কৰিছিল (Diganta Hazarika in Mohenjo daro)৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.