Operation against drunk driving : নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধে কৰিমগঞ্জত তীব্ৰ অভিযান

By

Published : Dec 22, 2022, 12:47 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ইংৰাজী নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইফালে বৰদিনৰ বাবেও মাজত দুটা দিন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো ব্যাপক ভিৰ আৰম্ভ হৈছে । কিন্তু প্ৰতিবছৰে এনে সময়ত ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আহিছে । আনন্দ উল্লাহৰ মাজতে বহুতে পথ সুৰক্ষা আইন উলংঘন কৰে আৰু দুৰ্ঘটনাত পতিত হয় (Accident in Assam)। যাৰ বাবে এইবাৰ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM strict on accident prevention)। জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগক দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত আৰক্ষী তথা জিলা পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিছে (Karimganj transport department raid)। যান বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন । সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে ঠায়ে ঠায়ে এলকহল এনালাইজাৰ লৈ নিশা আৰক্ষীয়ে অভিযান চলাইছে (Operation against drunk driving)। এই ক্ষেত্ৰত কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়াই ৰাইজক বিশেষ আহ্বান জনাইছে । নৱবৰ্ষ উদযাপন আৰু বনভোজৰ নামত সুৰাপান কৰি বাহন নচলাবলৈ সকীয়নি প্ৰদান কৰিছে বিষয়াগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.