Pipeline ruptured inside Dehing Patkai: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ অশনি সংকেত

By

Published : Aug 9, 2022, 10:14 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অঘটন (pipeline ruptured inside Dehing Patkai)৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ অ’ এন জি চিৰ যোৰাজান OCS ৰ পৰা তেল পৰিবাহী পাইপ ফাটি তেল নিৰ্গমন হোৱাৰ ঘটনা সংঘটিত হৈছে । ফলত ৰাষ্ট্ৰীয় উদ্যানখনত থকা জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ লগতে আতংকিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ আশে পাশে থকা লোকসকলেও ৷ অইলৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চুড়ান্ত গাফিলতিৰ লগতে বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পাইছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ এনেদৰে তেল নিৰ্গমন হৈ থকাৰ ফলত অভয়াৰণ্যখনৰ বিভিন্ন পশু-পক্ষী তথা বন্যহস্তীৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনলৈকো ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় লোকসকলে ৷ এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি উপযুক্ত ব্যৱস্থা ল’বৰ বাবে স্থানীয় ৰাইজ তথা দল-সংগঠনে অইল কৰ্তৃপক্ষক দাবী জনাইছে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.