Baby Died in Karimganj: শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ চিকিৎসালয়ত উত্তেজনা

By

Published : Dec 16, 2022, 10:08 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

কৰিমগঞ্জৰ চিকিৎসালয়ত শিশুৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ৷ এটি এমহীয়া কেঁচুৱাক তিনিদিন পূৰ্বে কাহৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লত (Karimganj Civil Hospital)৷ পৰৱৰ্তী সময়ত শিশুটিৰ অৱস্থা সংকটজনক হোৱাৰ বাবে কৰ্মৰত চিকিৎসকে শিশুটিক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ(Silchar medical college) প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে ৷ কিন্তু শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ পূৰ্বেই শিশুটিৰ মৃত্যু হয় (Baby dead in karimganj)৷ কৰ্মৰত চিকিৎসকৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে৷ ইয়াৰোপৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৰ নাৰ্ছে ৰোগীৰ পৰিচাৰকৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.