North East Obstetrics Convention 2022: যোৰহাটত উত্তৰ পূৱৰ প্ৰসূতি চিকিৎসক সমাৰোহ আয়োজনৰ প্ৰস্তুতি

By

Published : Nov 25, 2022, 10:13 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

এইবাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব উত্তৰ পূৱৰ সাতখন ৰাজ্যৰ প্ৰসূতি চিকিৎসক সমাৰোহ (Jorhat Medical College) ৷ ২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সমাৰোহ (NEOGSCON 2022) ৷ বৃহস্পতিবাৰে যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে আয়োজক সমিতিৰ সম্পাদিকা ডাঃ প্ৰনবিকা মহন্ত গোস্বামী আৰু সভাপতি অমল ফুকনে । এই সমাবেশৰ অংশস্বৰূপে অস্ত্ৰোপচাৰ আৰু আলট্ৰাচাউণ্ডৰ ওপৰত এখনি বিশেষ কৰ্মশালাৰো আয়োজন কৰা হ’ব । কৰ্মশালাখনিলৈ অনা হ’ব উন্নত প্ৰযুক্তি সম্পন্ন বিভিন্ন আহিলা । প্ৰসূতি বিভাগৰ ক্ষেত্ৰখনত সফলতা লাভ কৰা দেশৰ আগশাৰীৰ ৩০০ চিকিৎসক আৰু আল্টাচাউণ্ডৰ বিশেষজ্ঞ চিকিৎসকেও অংশগ্ৰহণ কৰিব এই সমাৰোহত । কৰ্মশালাৰ মাজতে স্থানীয় ৰোগীসকলেও অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব অস্ত্ৰোপচাৰ । উত্তৰ পূৱৰ ভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ লগতে চিকিৎসা সেৱা আগবঢ়াই অহা স্ত্ৰী ও প্ৰসূতি বিভাগৰ ৫০ গৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে তেওঁলোকৰ গৱেষণামূলক অধ্যয়নৰ সবিশেষ উপস্থাপন আৰু প্ৰদৰ্শন কৰিব ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.