74th Republic Day : গণৰাজ্য দিৱসৰ বাবে সাজু নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম

By

Published : Jan 24, 2023, 6:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

সমাগত গণৰাজ্য দিৱস ৷ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে সমগ্ৰ দেশবাসীয়ে (74th Republic Day)৷ দেশবাসীৰ লগতে নগাঁও জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে গণৰাজ্য দিৱসৰ বাবে (Republic day celebration in Nagaon)  ৷ ইতিমধ্যে সাজু হৈ উঠিছে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম ৷ নুৰুল আমিন ষ্টেডিয়ামত চলিছে পেৰেডৰ অন্তিম অনুশীলন ৷  

৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশজুৰিয়েই চলিছে ব্যাপক প্ৰস্তুতি ৷ নগাঁৱতো গণৰাজ্য দিৱস উদযাপনৰ বাবে নগাঁও জিলা প্ৰশাসনে(Nagaon district administration) সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি ৷ নগাঁৱত গণৰাজ্য দিৱস উদযাপনৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰা হৈছে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ বাবে চলিছে পেৰেডৰ অনুশীলন (Parade practice in Nagaon)৷ মঙলবাৰে পেৰেডৰ অন্তিম অনুশীলন অনুষ্ঠিত হয় নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৷

গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলনত নগাঁও আৰক্ষী, নগাঁও আৰক্ষীৰ যান-বাহন শাখা, অৰ্ধ-সামৰিক বাহিনী, এন চি চি ৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ মঙলবাৰে অন্তিম অনুশীলনত অংশগ্ৰহণ কৰাৰ পিচত বৃহস্পতিবাৰে উদযাপন কৰিবলগীয়া ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব পেৰেডৰ অনুশীলনত অংশ লোৱা আটাইকেইটা দলে ৷

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও আৰক্ষীয়েও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ গণৰাজ্য দিৱসত যাতে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও আৰক্ষীয়ে অধিক কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰেই বৃহস্পতিবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত(Nurul Amin Stadium Nagaon) উদযাপন কৰা হ'ব ৭৪ সংখ্যক গণৰাজ্য দিৱস ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.