Morigaon fish market: মৰিগাঁৱত দৈনিক মাছ বজাৰত তলা লগালে পৌৰ সভাই
Published on: Dec 4, 2022, 2:18 PM IST

মৰিগাঁও পৌৰসভাৰ দৈনিক মাছ বজাৰত ওলমিল তলা (Municipality shuts down fish market in Morigaon) । হাহাকাৰ পৰিস্থিতি মাছ ব্যৱসায়ীৰ মাজত । ভীষণ লোকচানৰ সন্মুখীন মৎস্য পালক আৰু ব্যৱসায়ী । পাইকাৰী মাছ বজাৰখন বন্ধ কৰাক কেন্দ্ৰ কৰি দেওবাৰে পুৱাই মৰিগাঁও আৰক্ষী থানাত কেইবা শতাধিক মৎস্য ব্যৱসায়ীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Morigaon Fish market)। নিশা পৌৰসভাৰ নীতি নিয়ম উলংঘাৰ অভিযোগত (Allegations of violation of municipal policy rules) পৌৰ সভাৰ কৰ্তৃপক্ষই তলা মাৰি বন্ধ কৰি দিয়ে বজাৰখনৰ । মাছৰ বজাৰ বন্ধ কৰি দিয়াৰ বাবে এতিয়া বিপদত পৰিছে পাঁচ শতাধিক মাছ ব্যৱসায়ী ।
Loading...