Mother and Son Missing: টিংখাঙত চাৰিবছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

By

Published : Jan 20, 2023, 5:19 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

টিংখাঙত চাৰি বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ(Woman missing from Tingkhong) ৷ পহিলা জানুৱাৰীৰ পৰা সন্তানসহ সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷ উল্লেখ্য যে, টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত 1 নং নাচনী গাঁৱৰ মানস তিখৰীয়ালৰ পত্নী জোনমণি তিখৰীয়াল (23) আৰু তেওঁৰ চাৰি বছৰীয়া পুত্ৰ অনুৰাগ তিখৰীয়াল 1 জানুৱাৰীৰ পৰা বনভোজ খাবলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷ 

ঘটনা সন্দৰ্ভত মানস তিখৰীয়ালে স্থানীয় ৰাজগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে নিজাববীয়া অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো শুংসুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে, আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে মানস তিখৰীয়ালে ৷ পত্নী আৰু একমাত্ৰ পুত্ৰৰ সন্ধান লাভ নকৰি ভাগি পৰিছে মানস(Woman and child missing) ৷ 

মানস তিখৰীয়ালে সংবাদমাধ্যমৰ আগত অৱগত কৰা তথ্য অনুসৰি, 4 জানুৱাৰীৰ সন্ধিয়া সন্ধানহীন হোৱা পত্নী জোনমণি তিখৰীয়াল 6 জানুৱাৰী তাৰিখে ফোনযোগে স্বামীক বিচাৰি যোগাযোগ কৰিছিল স্বামীৰ এগৰাকী বন্ধুক ৷ গুৱাহাটীৰ লখৰাৰ পৰা ফোন কৰা বুলিও উল্লেখ কৰিছিল জোনমণি তিখৰীয়ালে ৷ লগতে, সন্তানসহ তামিলনাডুলৈ যোৱা বুলিও মানস তিখৰীয়ালৰ বন্ধুক অৱগত কৰিছিল জোনমণিয়ে(mother son missing) ৷ 

কিন্তু কাৰ চক্ৰান্তত পৰি জোনমণিয়ে ঘৰ এৰি 4 বছৰীয়া সন্তানসহ তামিলনাডুলৈ ৰাওনা হ’ল সেই সন্দৰ্ভত এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ কোনো দুষ্ট চক্ৰৰ কৱলত পৰি তামিলনাডুলৈ পত্নী গুচি যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে মানস তিখৰীয়ালে ৷ উল্লেখ্য যে, 2016 চনত বিবাহপাশত আবদ্ধ হৈছিল জোনমণি আৰু মানস ৷ কিন্তু এতিয়া পত্নী আৰু সন্তানক বিচাৰি নাপায় হাহাকাৰ কৰিছে মানস তিখৰীয়ালে ৷ পত্নী আৰু সন্তানৰ সন্ধান উলিয়াই দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) আৰু স্থানীয় বিধায়ক বিমল বৰাক(MLA Bimal Bora) আহ্বান জনাইছে দুৰ্ভগীয়া মানসে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.