Inauguration of Anganwadi Centre: নগাঁৱত অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

By

Published : Nov 2, 2022, 11:01 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

মঙলবাৰে নগাঁও জিলাৰ বৰভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত শিমলুগুৰিৰ ৬ নং ৱাৰ্ডত মুকলি কৰা হয় নৱনিৰ্মিত এটা অংগনৱাড়ী কেন্দ্ৰৰ ৷ জিলা উপায়ুক্ত, খাগৰিজান সংহত শিশু উন্নয়ন বিষয়া আৰু খাগৰিজান খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো মুকলি কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sharma inaugurated Model anganwadi centre) ৷ ২৫ লাখ টকাৰ ব্য‌য়েৰে নিৰ্মিত অত্যাধুনিক সুবিধাৰে সজাই তোলা কেন্দ্ৰটোৰ শুভ উদ্বোধনৰ পূৰ্বে আদৰণি ভাষণৰ লগতে অনুষ্ঠানটিৰ আঁত ধৰে কেন্দ্ৰটিৰ ভূমিদাতা তথা শিক্ষক আলহাজ মো আব্দুল বাৰেকে ৷ শিশুহঁতৰ বাবে নিৰ্মাণ কৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত কাছমাৰী জিলা পৰিষদৰ সদস্যা, বৰভেটি গাঁও পঞ্চায়তৰ সভানেত্ৰী, খাগৰিজান শিশু উন্নয়ন খণ্ডৰ বিভিন্ন চাৰ্কোলৰ পৰা অহা মূখ্য সেৱিকা, বৰভেটি চাৰ্কোলৰ অন্তৰ্গত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ লগতে বহুকেইগৰাকী সমাজ সেৱক তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.