মাণিকপুৰত দুৰ্বৃত্তই তহিলং কৰিলে পথাৰৰ খেতি

By

Published : Sep 17, 2022, 9:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱৰ পথাৰত দুৰ্বৃত্তই পথাৰৰ তিয়ঁহ খেতি কাটি তহিলং (Miscreants cut down cucumber fields in Manikpur)কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শ্বহিদুল ইছলাম নামৰ খেতিয়কজনে বহুতো কষ্ট কৰি এবিঘা মাটিত তিয়ঁহৰ খেতি কৰিছিল । প্ৰায় ৪০ হাজাৰ টকা খৰচ কৰি খেতি কৰাৰ পিছত ফল ধৰাৰ সময়তে শুকুৰবাৰে নিশা দুৰ্বৃত্তই খেতিডৰা কাটি তহলিং কৰে । দুখীয়া খেতিয়কজনৰ খেতিত দুৰ্বৃত্তই সংঘটিত কৰা এনে ঘটনাত এতিয়া মূৰে কপালে হাত দিবলগীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । এই কাৰ্যত জড়িত লোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী (public demand for arrest culprit)জনাইছে স্থানীয় ৰাইজে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.