Republic Day 2023: মুক্তিযুঁজাৰু জিতেন্দ্ৰ নাথ শৰ্মাক সম্বৰ্ধনা জনালে মন্ত্ৰী ইউ জি ব্ৰহ্মই

By

Published : Jan 26, 2023, 7:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৃহস্পতিবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে 74 সংখ্যক গণৰাজ্য দিৱস (Republic Day 2023) ৷ দেশৰ ৰাজধানীত ত্ৰিৰংগা উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ অসমতো ৰাজ্যপালৰ অনুপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাই খানাপাৰাত ৷ ৰাজ্যৰ আন জিলা সমূহতো অসম চৰকাৰৰ মন্ত্ৰী আৰু জিলা উপায়ুক্তসকলে গণৰাজ্য দিৱসৰ পতাকা উৰুৱায় ৷ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় (India Republic Day 2023) ৷

74 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বাক্সা জিলাৰ বৰমাৰ মুক্তিযুঁজাৰু জিতেন্দ্ৰ নাথ শৰ্মাৰ গৃহত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী ব্ৰহ্মই মুক্তিযুঁজাৰুগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ৷ অহা 14 ফেব্ৰুৱাৰীত শতায়ু গৰকিব মুক্তিযুঁজাৰু জিতেন্দ্ৰ নাথ শৰ্মাই (Freedom fighter Jitendranath Sarma) ৷ 

মুক্তিযুঁজাৰু শৰ্মাৰ জন্মদিনটো সমগ্ৰ অসমতে উদযাপন কৰা হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী ব্ৰহ্মই ৷ মন্ত্ৰীগৰাকীয়ে মুক্তিযুঁজাৰু শৰ্মাক গণৰাজ্য দিৱস উপলক্ষে এখন ফুলাম গামোচা, শৰাই আৰু খদ্দৰৰ চাদৰেৰে সম্বৰ্ধনা জনায় ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক ভূপেন বড়ো, বাক্সাৰ উপায়ুক্ত মাচান্দা এম পাৰ্টিন আৰু আৰক্ষী অধীক্ষক ৰাজেন সিং (Republic Day news) ৷

উল্লেখ্য যে, আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে 74 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ৷ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱাৰ পাচতে ৰাষ্ট্ৰপতিয়ে ভাৰতীয় সেনা আৰু আৰক্ষীৰ বিভিন্ন গোটে পেৰেডৰ জৰিয়তে জনোৱা অভিবাদন গ্ৰহণ কৰে ৷ তাৰ পাচতেই দিল্লীৰ কৰ্তব্য পথত দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা যোৱা দলসমূহে নিজ নিজ ৰাজ্যৰ চানেকি দাঙি ধৰি প্ৰতিকীপট প্ৰদৰ্শন কৰে ৷ 

অসমতো খানাপাৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উৰুৱাই তিৰংগ পতাকা ৷ গণৰাজ্য দিৱসত পূৰ্বতে ৰাজ্যপালে পতাকা উৰুওৱাৰ নিয়ম যদিও এইবাৰ ৰাজ্যপাল জগদীশ মুখীৰ অনুপস্থিতিত মুখ্যমন্ত্ৰীয়েই এই দায়িত্ব পালন কৰে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.