Massive fire in Basistha: বশিষ্ঠ চাৰিআলিত দাউ দাউ কৈ জ্বলিল ৪ খনকৈ দোকান

By

Published : Jul 31, 2022, 11:02 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বশিষ্ঠ চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড (Fire in Basistha)। নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত সংঘটিত হয় এই অগ্নিকাণ্ড । ফলত নিমিষতে দাউ দাউকৈ জ্বলি উঠিল ৪ খনকৈ দোকানৰ লগতে এটা শোৱনি কোঠা (Four shops were burnt down in fire)। অগ্নিকাণ্ডত পান দোকান, টায়াৰৰ দোকান, পাৰ্টছ দোকান লগতে গেলামাল দোকানৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় । পিছত অগ্নিনিৰ্বাপন বাহিনীৰ ৩ঘণ্টা জোৰা প্ৰচেষ্ঠাৰ অন্তত জুই নুমাবলৈ সক্ষম হয় । উল্লেখ্য যে, অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে অগ্নিনিৰ্বাপন বাহিনীয়ে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.