Massive Erosion of Beki River: বেকী নদীৰ খহনীয়াত উটি গ’ল আঠটাকৈ পৰিয়ালৰ বাহগৃহ

By

Published : Aug 5, 2022, 12:24 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাপুৰ গাঁৱত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া (Erosion in Barpeta) । খহনীয়াত জাহ গৈছে আঠটাকৈ পৰিয়ালৰ বাহগৃহ (Beki river erosion)। ফলত অন্য স্থানলৈ স্থানান্তৰ হৈ তাত কোনোমতে আশ্ৰয় লৈছেগৈ এই দুৰ্ভগীয়া পৰিয়ালকেইটাই ৷ আনফালে নদীৰ এই বিধ্বংসী খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে সোণাপুৰ হাজি কৈফত আলী এম ই মাদ্ৰাছালৈ । এই ক্ষেত্ৰত কি সাংসদ, কি বিধায়ক অথবা বিভাগীয় কৰ্তৃপক্ষ - কাৰোৱেই আহৰি নাই খহনীয়াগ্ৰস্থ লোকসকলৰ খবৰ ল’বলৈ । এনে পৰিপেক্ষিতত এইসকল জন প্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰিছে ভুক্তভোগী খহনীয়াগ্ৰস্থ লোকসকলে ৷ উল্লেখযোগ্য যে, সোনাপুৰ গাঁৱত তথা হাজী কৈফত আলী এম ই মাদ্ৰাছা, মছজিদ আৰু সোনাপুৰ ৰাজহ গাঁওখন সম্পূৰ্ণ বেকী নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে বুলিও স্থানীয় ৰাইজে মন্তব্য কৰে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.