PMGKAY scam : প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাত সংঘটিত কেলেংকাৰীৰ অভিযোগত ৮ জনক আটক

By

Published : Dec 5, 2022, 1:39 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

মৰিগাঁও জিলাৰ মৈৰাবাৰীত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে (PMGKAY scam in Marigaon)। জিলাখনৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই সংবাদমেলযোগে এই কথা সদৰি কৰিছে । মৈৰাবাৰীৰ লোচনাবৰি সমবায় সমিতিৰ বিৰুদ্ধে কেলেংকাৰীৰ গুৰুতৰ অভিযোগ কৰিছে উপায়ুক্তগৰাকীয়ে (Marigaon DC reacts over PMGKAY scam)। দৰিদ্ৰৰ বাবে আৱণ্টিত চৰকাৰী চাউল হৰলুকি সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনে অভিযান চলাইছে । অভিযানত ৮ জনকৈ সমবায় এজেণ্টক আটক কৰা হৈছে । অৱশ্যে অভিযানৰ পূৰ্বানুমান লাভ কৰি মূল অভিযুক্ত তথা সমবায় সমিতিখনৰ সচিব ৰুফুল আমিন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে । ইফালে আটকাধীন সমবায় এজেন্ট কেইজন ক্ৰমে আব্দুল চাত্তাৰ, নাজিৰ হুছেইন, চহিদুল ইছলাম, মজিবুৰ ৰহমান, চফুলউদ্দিন, চফিকুল ইছলাম, আমিৰুদ্দিন আৰু ছিদ্দিক আলী (8 Cooperative Agent detained in Marigaon)। ইফালে উপায়ুক্তগৰাকীয়ে জনোৱা মতে সমবায়টোত সংঘটিত কেলেংকাৰীৰ তথ্য পোৱাৰ লগে লগে অতিৰিক্ত উপায়ুক্তক সমগ্ৰ বিষয়টো তদন্তৰ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্যে সেই তদন্তৰ প্ৰতিবেদনো দাখিল কৰা হৈছে । সমবায়টোত সংঘটিত কেলেংকাৰীৰ (Pradhan Mantri Garib Kalyan Anna Yojana scam) তদন্তৰ বাবে প্ৰশাসনে আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে । উপায়ুক্তৰ মতে কোনো কাৰণতে এই ধৰণৰ কাৰ্যক আশ্ৰয় দিয়া নহ'ব । কেলেংকাৰী সংঘটিত কৰা সকলকো ৰেহাই দিয়া নহ'ব বুলি তেওঁ সকীয়াই দিয়ে । আনহাতে জিলাখনৰ আন আন সমবায়সমূহৰ ওপৰতো প্ৰশাসনে নজৰ ৰাখিব বুলি উল্লেখ কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.