নাবালিকাক শাৰীৰিক আতিশয্য চলাই ৰঙাঘৰলৈ ৫৫ বছৰীয়া অকিল

By

Published : Sep 30, 2022, 8:59 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

চাবুৱাৰ ডিকমত সংঘটিত হ'ল এটা নিৰ্লজ্জ ঘটনা । এজন ৫৫ বছৰীয়া ব্যক্তিয়ে এগৰাকী নাবালিকাক শাৰীৰিক আতিশায্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Physically assaulting minor girl at Chabua) । ডিকম আৰক্ষী চকীৰ অন্তৰ্গত কুঁহিয়াবাৰীত অকিল ৰায় নামৰ ৫৫ বছৰীয়া এজন ব্যক্তিয়ে ১৩ বছৰীয়া এগৰাকী নবালিকাক শাৰীৰিক আতিশায্য চলোৱাৰ এই গুৰুতৰ অভিযোগৰ পাছতে বৃহত্তৰ অঞ্চলটোত এক চেঁপা উত্তেজনাই বিৰাজ কৰিছে । নবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বুধবাৰে নিশা ডিকম আৰক্ষীয়ে অভিযুক্ত অকিল ৰায়ক গ্ৰেপ্তাৰ কৰে (Accused Rapist arrested at Chabua)৷ ইয়াৰ পাছতে আদালতৰ নিৰ্দেশত বৃহস্পতিবাৰে লোকজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পূৰ্বে অভিযুক্ত অকিল ৰায়ে সমগ্ৰ ঘটনাটো গাপ দিবলৈ পৰিয়ালটোক পাঁচ হেজাৰ টকা দিবলৈকো চেষ্টা চলাইছিল বুলি উল্লেখ কৰিলে পৰিয়ালৰ লোকে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.