Majuli Music Festival 2022 : গীত-নৃত্যৰ লহৰত মায়াময় হৈ পৰিছে জেংৰাই চাপৰি

By

Published : Nov 27, 2022, 1:24 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

প্ৰাকৃতিক পৰিৱেশৰ মাজত মায়াময় হৈ আছে মাজুলী । নৈ পাৰত নিশা দুপৰলৈ বাজিছে ভিন্ন গীত সুৰ ৷ কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীতে মন মুহিছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকৰ ৷ উল্লেখ্য যে, সত্ৰ নগৰী মাজুলীত তিনি দিনীয়াকৈ তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল 2022 (Majuli Music Festival 2022) । মাজুলীৰ জেংৰাই চাপৰিত অনুষ্ঠিত হৈছে এই বৰ্ষৰ মিউজিক ফেষ্টিভেল । গ্ৰাম্য পৰ্যটনৰ উন্নয়নৰ বাবে থলুৱা খাদ্য সম্ভাৰে আপ্যায়ন আদি সকলো ব্যৱস্থা কৰিছে উদ্যোগতাসকলে । মিউজিক ফেষ্টিভেলত মাজুলীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত-নৃত্যৰ অনুষ্ঠান প্ৰদৰ্শনৰ ব্যৱস্থা কৰাও হৈছে । ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ সংগীত শিল্পীয়ে এই অনুষ্ঠান অংশগ্ৰহণ কৰিছে (Many people gathered at Majuli Music Festival) । লগতে ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যৰ পৰা কুৰিটাতকৈ অধিক বেণ্ডে অংশগ্ৰহণ কৰিছে এই ফেষ্টিভেলত । এক প্ৰকাৰে মায়া ময় হৈ পৰিছে জেংৰাই চাপৰি । শনিবাৰে নিশা নিলোৎপল বৰাৰ গীতে মোহাচন্ন কৰিলে মাজুলীৰ হাজাৰ হাজাৰ দৰ্শকক । মিউজিক ফেষ্টিভেলত শিল্পীগৰাকীয়ে গাই গ’ল এটাৰ পিছত আন এটা জনপ্ৰিয় গীত ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.