Bike Thief Arrested: লাহৰীঘাটৰ কছাৰীবড়ীত 5 অভিযুক্তসহ জব্দ 14 খন বাইক

By

Published : Aug 5, 2022, 5:00 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

লাহৰীঘাটত আৰক্ষীৰ এক বৃহৎ সফলতা ৷ চলিত মাহৰ 3 তাৰিখে এক গোপন খবৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত কছাৰীবড়ীৰ ছাদ্দাম হুছেইন নামৰ লোকজনৰ গেৰেজত চলাই এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় 14 খন চুৰি বাইক (Bike Thief Arrested)৷ লগতে আৰক্ষীৰ দলটোৱে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে ছাদ্দাম হুছেইন নামৰ লোকজনক ৷ পৰৱৰ্তী সময়ত অভিযুক্ত ছাদ্দাম হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰে আন চাৰি অভিযুক্তক ৷ আটকাধীন কেইজন হৈছে হৰজত আলী, হায়াৎ উল্লাহ, বাহাৰুল ইছলাম আৰু চৰিফ ইছলাম । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত অধিকাংশ বাইকৰেই নাই নম্বৰপ্লেট । ইফালে ধৃত ৫ বাইক চোৰৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে 304/22, U/S 379/411/34 IPC ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.