Lachit Barphukan 400 Birth Anniversary: বৰপেটাত জিলিকিল লাচিতৰ সুবিশাল পেইন্টিং

By

Published : Nov 24, 2022, 10:28 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য আৰু স্বাধীনতাৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী (Lachit Barphukan 400 birth anniversary)উপলক্ষে আজি বৰপেটা চহৰৰ মৰাচাউলখোৱা নৈ'ৰ পাৰত জিলিকি উঠিল বীৰ গৰাকীৰ এখন সুবৃহৎ পেইন্টিং ৷ বৰপেটাৰ বিশ্বজিৎ দাসৰ লগতে হাব ষ্টুডিঅ'ৰ শিল্পীসকলে অংকন কৰা ৪০ ফুট দৈৰ্ঘৰ বীৰ লাচিতৰ ছবিখন চাউলখোৱা নৈৰ দলঙত ৰাইজৰ দৰ্শনৰ বাবে উন্মোচন কৰা হয় (Lachit Barphukan painting launched in Barpeta)৷ বৰপেটাৰ জিলাৰ উপায়ুক্ত আয়ুস গৰ্গে (DC Ayush Garg) জাতীয় বীৰগৰাকীৰ সুবৃহৎ প্ৰতিচ্ছবিখন উন্মোচন কৰি বীৰ লাচিতৰ জন্মজয়ন্তী উপলক্ষে জিলা প্ৰশাসনে গ্ৰহন কৰা কাৰ্যসূচীৰ কথাও উল্লেখ কৰে ৷ ইপিনে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ দিনটোত বীৰ লাচিত বৰফুকনৰ প্ৰতি বৰপেটাৰ যুৱশিল্পী নিৰ্জুৰাজ দাসে অভিনৱ শ্ৰদ্ধাঞ্জলি জনায় ৷ অসমীয়া জাতিৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনাই নিৰ্জুৰাজ দাস নামৰ যুৱ শিল্পীগৰাকীয়ে জ্বলন্ত জুই শিখাৰে অংকন কৰে মহান যোদ্ধা লাচিত বৰফুকনৰ প্ৰতিচ্ছবি ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.