Sexual harassment on a moving train : ৰে'ল যাত্ৰা মহিলাৰ বাবে কিমান সুৰক্ষিত ?

By

Published : Jan 22, 2023, 7:44 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

চলন্ত ৰে'লত বহি:ৰাজ্যৰ মহিলা যাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে (Woman passenger sexually assaulted in moving train)। অসমত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ অভিযুক্ত অসম ৰাইফলছৰ এগৰাকী জোৱান । ইতিমধ্যে লামডিং ৰে'ল ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত জোৱানজনক (Jawan held for sexually assaulting woman in train)।

ৰে'ল যাত্ৰা মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি বহুতে বিভিন্ন সময়ত দাবী কৰে । আনকি চলন্ত ৰে'লত বিভিন্ন সময়ত মহিলা নিৰ্যাতিত হোৱাৰো ঘটনাৰ উদাহৰণ আছে । এইবাৰ পুনৰ অসমত সংঘটিত হ'ল অনুৰূপ ঘটনা । কিন্তু আপুনি শুনি আচৰিত হ'ব যে আমাৰ সুৰক্ষাৰ দায়িত্বত থকা এজনেই এই ঘটনা সংঘটিত কৰিছে । অসম ৰাইফলছৰ এগৰাকী জোৱানে বহিঃৰাজ্যৰ যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ।

ইতিমধ্যে যুৱতীগৰাকীৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । জানিব পৰা মতে নামনিমুৱা ১৫৯০৯ অবধ আসাম এক্সপ্ৰেছ ৰে'লৰ A1 নম্বৰ AC দবাত সংঘটিত হৈছে এই ঘটনা । যুৱকীগৰাকীয়ে অভিযোগ কৰা মতে একেই দবাতে থকা সহযাত্ৰী অৰ্জুন চেত্ৰী নামৰ এগৰাকী অসম ৰাইফলছৰ জোৱানে যুৱতীগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা চলাইছিল ।

ৰে'লখন লামডিং পোৱাৰ পাছতে যুৱতীগৰাকীয়ে লামডিঙৰ ৰে'ল আৰক্ষীক অৱগত কৰে । যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত লামডিঙৰ ৰে'ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত জোৱানজনক আটক কৰে । জানিব পৰা মতে আটকাধীন জোৱানজনৰ ঘৰ নেপালত । তেওঁৰ পৰা অসম ৰাইফলছৰ এখন পৰিচয়পত্ৰ উদ্ধাৰ হৈছে (Assam rifles jawan held for asssulting woman)। ইফালে ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ কোচবিহাৰত বুলি জানিব পৰা গৈছে । ডিমাপুৰৰ পৰা যুৱতীগৰাকী অবধ আসাম ৰে'লৰে নিজ ঘৰলৈ গৈ থকাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে ।

ইফালে সমগ্ৰ ঘটনাক লৈ লামডিঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Lumding railway station incident)। সমগ্ৰ ঘটনা সন্দৰ্ভত লামডিং ৰে'ল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আনহাতে এই ঘটনাৰ পাচতে ৰে'লত মহিলা যাত্ৰীৰ সুৰক্ষাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.