এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ জাতীয় যুৱ বাহিনীৰ

By

Published : Sep 28, 2022, 2:00 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

পুনৰ জ্বলিছে লখিমপুৰ (protest against NHPC in Lakhimpur) ৷ বিগত কেইবাদিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । শনিবাৰে নিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ খহিল মূল বান্ধৰ কাষৰ দেৱাল । ফলত এতিয়া এই প্ৰকল্পৰ পাৱাৰ হাউছত (Power House of NHPC) হৈছে প্লাৱন । ৩০ ফুট তলত থকা পাৱাৰ হাউছলৈ নামিছে অশনি সংকেত । ইতিমধ্যে মূলবান্ধলৈ যোৱা পথচোৱা বিচ্ছিন্ন হৈ পৰিছে ৷ আতংকিত এতিয়া বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷ ইয়াৰ পিছতে বুধবাৰে প্ৰতিবাদমুখৰ হৈ পৰে লখিমপুৰ চহৰ (Jatia Yuv Bahini protest against NHPC) ৷ লখিমপুৰত প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ জাতীয় যুৱ বাহিনীৰ । বুধবাৰে নগৰৰ মাজত এন এইচ পি চি ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিকৃতি দাহেৰে সৃষ্টি কৰে উত্তাল পৰিবেশ । ৰাইজৰ জীৱন আৰু সম্পত্তিৰ কথা চিন্তা নকৰি কেৱল বান্ধ লবীৰ পক্ষ লোৱা চৰকাৰখনক গৰিহনা দিয়ে যুৱ বাহিনীয়ে । সংগঠনটোৱে সোৱণশিৰি প্ৰকল্প বন্ধ কৰিবলৈ দাবী জনায় । অন্যথা বিজেপি দল তথা চৰকাৰখন প্ৰৱল গণৰোষত পৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সংগঠনটোৱে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.