গোৱালপাৰাত কাঠৰ কুণ্ডাসহ কাঠফলা কল জব্দ

By

Published : Sep 22, 2022, 1:27 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

গোৱালপাৰাত অব্যাহত আছে বন বিভাগৰ ধাৰাবাহিক অভিযান ৷ বৃহস্পতিবাৰে পুৱাই এক গোপন সূত্ৰৰ পম খেদি জিলা বন বিষয়া জিতেন্দ্ৰ সিঙৰ সহযোগত বন সুৰক্ষা বাহিনীয়ে গোৱালপাৰা আঞ্চলিক বনবিভাগৰ অধীনস্থ বৰঝাৰৰ পৰা বন বিভাগে এক অভিযান চলাই কাঠৰ কুণ্ডাসহ এটা কাঠফলা কল জব্দ কৰে (Illegal wood and mill seized ) ৷ জব্দকৃত কাঠৰ কুণ্ডাসহ কাঠফলা কলটোৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা ৷ জানিব পৰা মতে দুদিনৰ পূৰ্বে নতুনকৈ বৰঝাৰৰ ভিতৰুৱা এখন গাঁৱত চোৰাং কাঠ ফলাৰ উদ্দেশ্য বহুৱাইছিল কাঠফলা কলটো(Illegal wood and mill seized in Goalpara ) ৷ ইফালে বন সুৰক্ষা বাহিনীৰ অহাৰ উমান পাই কাঠফলা কলটো এৰি পলায়ন কৰে কলটোৰ কৰ্মচাৰীসকল ৷ জব্দকৃত সামগ্ৰীখিনি বন বিভাগৰ দলটোৱে গোৱালপাৰা জিলা বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.