Historical 71th Magh mela: বাক্সাত ঐতিহাসিক ৭১ সংখ্যক মাঘ মেলা

By

Published : Jan 10, 2023, 3:55 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

অহা ১৮ জানুৱাৰীৰ পৰা বাক্সাৰ সূৱণখাটাত অনুষ্ঠিত হ’ব ১১ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলাৰ (11 th Bharat Bhutan Friendship mela) লগতে ঐতিহাসিক ৭১ সংখ্যক মাঘ মেলা (Historical 71th Magh mela) ৷ আঠদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া মেলাক লৈ ইতিমধ্যে অঞ্চলটোত প্ৰস্তুতি তুংগত উঠিছে ৷ মেলাৰ আয়োজক সমিতিয়ে মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা অৱগত কৰে (Organizers conducted 8 days mela)৷ আয়োজক সমিতিৰ সভাপতি খগেন পাঠক দাসে সূৱণখাটাৰ ঐতিহাসিক ৭১ সংখ্যক মাঘ মেলাৰ সৈতে সংগতি ৰাখি এইবাৰো ভাৰত ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে আঠদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাত ভূটান ৰাষ্ট্ৰৰ বাণিজ্যিক স্থলৰ উপৰিও বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ৷ ইয়াৰোপৰি মেলা উপলক্ষে নৃত্য প্ৰতিযোগিতা, গীতৰ শৰাই, বিভিন্ন বাণিজ্যিক বিপণিও বহুওৱা হৈছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.