Head Master Sells Book : ছাত্ৰ-ছাত্ৰীৰ বহী-কিতাপ বেচি শেষ কৰিলে হেড বাইদেৱে

By

Published : Jan 19, 2023, 10:56 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গোৰেশ্বৰৰ মহৰিপাৰাৰ যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ(Maharipara Yugi Girls School) প্ৰধান শিক্ষয়িত্ৰীয়ে সংঘটিত কৰিলে আজৱ ঘটনা ৷ নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্ঠিত ২ কুইন্টল পাঠ্যপুথি গুৰু গোঁসাই নামানি নিজৰ খেয়ালখুচিত ডেম্পত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উত্থাপিত অভিযোগ সন্দৰ্ভত কেমেৰাৰ সন্মুখতে ভুল স্বীকাৰ কৰে অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাস্থিত যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নমিতা দেৱীৰ এনেধৰণৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতি ৷ 1984 চনতেই ৰাইজৰ দান বৰঙণিৰে স্থাপিত আৰু 2013 চনত প্ৰাদেশীকৃত অঞ্চলটোৰ নাৰী শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়িত্ৰীৰ কাণ্ডই সকলোৰে চকু কপালত তুলিছে (Goreswar teacher sells book at Damp)৷ যিটো সময়ত চৰকাৰখনে চৰকাৰী বিদ্যালয়সমূহক অধিক গুৰুত্ব প্ৰদান কৰিছে সেই সময়তে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা পাঠ্যপুথিৰ লগতে বহী-কাগজ ডেম্পত বিক্ৰী কৰি দিয়া ঘটনা পোহৰলৈ আহিছে (Teacher sell students book at Goreswar)৷ বৰ্তমানেও বিদ্যালয়খনৰ কিতাপ, বহীখিনি মহৰিপাৰাৰ এটা ডেম্পত আছে ৷ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত ভুল স্বীকাৰ কৰি কিতাপ-বহীখিনি ডেম্পৰ পৰা ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইপিনে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন নিয়মীয়াকৈ নিদিয়াৰ অভিযোগো উত্থাপিত হৈছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে  ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও প্ৰধান শিক্ষয়িত্ৰী নমিতা দেৱীক ছয় মাহৰ কাৰণে নিলম্বিত কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.