গাৰো উন্নয়ন পৰিষদৰ পৰিৱৰ্তে স্বায়ত্ব পৰিষদৰ দাবী

By

Published : Oct 5, 2022, 6:51 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ছয়গাঁৱৰ শান্তিপুৰত গাৰো সকলৰ এখন প্ৰতিবাদী সভা বুধবাৰে অনুষ্ঠিত হয় (Garo organizations protest meeting in Chaygaon) । গাৰো জাতীয় পৰিষদ (Garo National Council) আৰু গাৰো মহিলা পৰিষদে (Garo Womens Council) আয়োজন কৰে এই সভাখন । উক্ত সভাখনত গাৰো উন্নয়ন পৰিষদ নিবিচাৰে বুলি অসমৰ গাৰো ৰাইজে স্পষ্ট কৰি দিয়ে । উল্লেখ্য় যে গাৰোসকলে পূৰ্বৰে পৰা গাৰো স্বায়ত্ব শাসিত পৰিষদৰ বাবে চৰকাৰক দাবী জনাই আহিছে । সেয়েহে গাৰো উন্নয়ন পৰিষদৰ দ্বাৰা গাৰো ৰাইজৰ কোনো উন্নতি নহয় বুলি উল্লেখ কৰে গাৰো জাতীয় পৰিষদৰ সভাপতি ইনিন্দ্ৰ মাৰাকে । তেওঁ কয় যে, অসমৰ গাৰো গাঁও মেঘালয়ত চামিল নহয় । একাংশ অসম বিদ্বেষীয়ে সীমান্তৱৰ্তী গাৰো ৰাইজক প্ৰলোভনৰে মেঘালয়ত চামিল কৰিবলৈ অভিসন্ধি কৰিছে বুলি সভাত বক্তাসকলে কয় । অসমৰ বিভিন্ন গাৰো সংগঠন গাৰো যুৱ পৰিষদ,গাৰো ছাত্ৰ সন্থা, গাৰো জাতীয় ইউনিয়ন, সদৌ অসম গাৰো গাঁওবুঢ়া এছোচিয়েচন, গাৰো মাতৃ ইউনিয়ন, আ'চিক ব'ৰ্ডাৰ এছোচিয়েচনকে ধৰি বহু কেইটা গাৰো সংগঠনৰ সদস্য এই প্ৰতিবাদী সভাত উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.