Ganja seized in Biswanath: ৬০ কিলো গাঞ্জা সহ আটক এজন গাঞ্জা সৰবৰাহকাৰী
Published on: Jul 30, 2022, 2:29 PM IST

বিশ্বনাথত গহপুৰ আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সফল অভিযান (Ganja seized in Gohpur)৷ শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত বিশ্বনাথৰ গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চুচিল কুমাৰ দত্তৰ নেতৃত্বত গহপুৰ ককিলা নাহৰণিৰ পৰা ৬০ কিলো গাঞ্জাসহ আটক কৰে এজন গাঞ্জা সৰবৰাহকাৰীক (Ganja Trader arrested in Biswanath) ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰীজনৰ নাম জয়ন্ত চুতীয়া ৷ উল্লেখ্য যে, জব্দকৃত গাঞ্জাখিনি খেৰৰ মেজিৰ তলত লুকুৱাই ৰখাৰ তথ্য লাভ কৰিছিল গহপুৰ আৰক্ষীয়ে ৷ এই খবৰ ভিত্তিতে গহপুৰ আৰক্ষীয়ে অভিযান চলাই ১২ টা গাঞ্জাৰ টোপোলা উদ্ধাৰ কৰে ৷ গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
Loading...