Ganja Peddler Arrested: নামৰূপত গাঞ্জাসহ আটক এটা কুখ্যাত গাঞ্জা সৰবৰাহকাৰী

By

Published : Aug 4, 2022, 9:47 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নামৰূপ আৰক্ষীৰ সফল অভিযান । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা আৰু নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱাৰ নেতৃত্বত বুধবাৰে চলা এক অভিযানত আটক এটা কুখ্যাত গাঞ্জা সৰবৰাহকাৰী (Ganja Peddler Arrested) ৷ আটকাধীন সৰবৰাহকাৰীটো নামৰূপৰ পানীদৰীয়া নগাগাঁৱৰ মলয় দে’ বুলি জানিব পৰা গৈছে ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা ১.৬ কেজি গাঞ্জাসহ এটা মবাইল ফোনৰ লগতে ২১০০ টকা জব্দ কৰে (Ganja seized in Namrup)। আটকাধীন সৰবৰাহকাৰীটোৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰা গাঞ্জাৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । ইতিমধ্যেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.