G 20 conference connect programme: G 20 সন্মিলনৰ সৈতে সংগতি ৰাখি ধেমাজিত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন

By

Published : Jan 28, 2023, 8:47 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ধেমাজি, 28 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো অনুষ্ঠিত হ’ব G20 / Y20 সন্মিলন ৷ ইয়াকে লৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৰাজ্যত ৷ অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব G20 / Y20 সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ধেমাজিৰ দুখনকৈ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয় (G 20 conference connect programme) ৷ 

ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৃহস্পতিবাৰে আয়োজন কৰা হয় এখনি বক্তৃতা প্ৰতিযোগিতাৰ (G 20 conference connect programme among students in Dhemaji) ৷ Physical and Mental Wellbeing of Youth: Issues and Concerns শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয় ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৷ সেইদৰে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়তো G20/Y20 সন্মিলনৰ বাবে এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ এই দুয়োটা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah) । 

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ধেমাজি মহাবিদ্যালয়ত এখন সভাৰ আয়োজন কৰা হয় (G 20 summit in Assam) ৷ সভাখনত আদৰণি ভাষণ আগবঢ়ায় ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে  ৷ উল্লেখ্য যে অহা ৭ ফেব্ৰুৱাৰীত IIT গুৱাহাটীত দেশৰ নিৰ্বাচিত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ৷

উল্লেখযোগ্য যে, এইবাৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ চাৰিখন বৈঠক অনুষ্ঠিত হ’ব অসমত (Four meetings of G20 summit to be held in Assam)। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে অসমত চাৰিখন জি-২০ বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam CM Himanta Biswa Sarma) । আনহাতে অসমত চাৰিখন বৈঠক অনুষ্ঠিত হোৱাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ প্ৰতিখনতে এখনকৈ বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ পৰা গৈছে (G 20 summit meeting to be held in North East) ।

লগতে পঢ়ক : Illegal excavation continues at Sivasagar: আমগুৰি হালোৱাটিঙত অব্যাহত অবৈধভাৱে মাটিৰ খনন কাৰ্য

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.