Foresters injured in Rhino attack: কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন

By

Published : Nov 27, 2022, 10:58 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক ৷ আহত হয় বনকৰ্মী বিনোদ চাৰৰ লগতে বন বিভাগৰ কাম কৰিবলৈ যোৱা জীৱন চাৰ নামৰ এজন স্থানীয় যুৱক (Foresters injured in Rhino attack) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কহঁৰা বনাঞ্চলৰ অধীনৰ বৰবিলত নিৰীক্ষণ পথ মেৰামতিৰ কাম চলি আছিল ৷ পথ মেৰামতিৰ স্থানত উপস্থিত আছিল বনকৰ্মী বিনোদ চাৰ আৰু স্থানীয় যুৱক জীৱন চাৰ ৷ হঠাৎ গঁড়টোৱে দুয়োকে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৷ পিছত দুয়োকে প্ৰথম অৱস্থাত কহঁৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.