Foothils Drama Festival : সংঘাত পাহৰি অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় নাট মহোৎসৱ

By

Published : Jan 21, 2023, 10:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

এইবাৰ অসম-নাগালেণ্ড সীমান্তত সংঘাত নহয়, এইবাৰ আহিছে শান্তি সমন্বয়ৰ এক অন্যান্য বাৰ্তা ৷ সংঘাতৰ(Assam Nagaland conflict) পৰিৱৰ্তে অসমীয়া আৰু নগাৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে অসম-নাগালেণ্ড সীমান্তৰ তিতাবৰ বান্দৰচলিয়া তাঁতী গাঁৱত আয়োজন কৰিছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷ বান্দৰচলিয়া তাঁতী গাঁৱৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত তিতাবৰ মহকুমাৰ নাটক ভালপোৱা কেইজনমান সমাজ সচেতন লোকে আয়োজন কৰিছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ৷

অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ (Foothils National drama festival)৷ উক্ত মহোৎসৱত দেশৰ বহুকেইটা নাট্য দলৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এটা দলে আৰু অসমৰ সাতটা নাট্যদলে বিভিন্ন ৰসৰ নাট প্ৰদৰ্শন কৰিব ৷ নাটকৰ লগতে অসম আৰু নাগালেণ্ডৰ বহুকেইটা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে বিভিন্ন জাতীয় কৃষ্টি আৰু কলা সংস্কৃতি প্ৰদৰ্শন কৰিব । ২২ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হ'বলগীয়া এই নাট মহোৎৱসত অসম আৰু নাগালেণ্ডৰ বহুকেইগৰাকী জনপ্ৰিয় নাট্যকাৰ আৰু অভিনেতাৰ লগতে বহুকেইগৰাকীৰ মন্ত্ৰী-বিধায়কো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

পাদদেশীয় নাট মহোৎসৱ বাবে বান্দৰচলিয়া তাঁতী গাঁৱৰ সমূহ ৰাইজ ওলাই আহিছে ৷ সকলোৱে নগা পাহাৰ পৰা বাঁহ আৰু ভৈয়ামৰ পৰা ধানৰ নৰা সংগ্ৰহ কৰি পাহাৰীয়া মুকলি পৰিৱেশত আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে মুকলি মঞ্চ আৰু আসন ৷ এক মনোৰম প্ৰাকৃতিক পৰিৱেশত ব্যতিক্ৰমী ৰূপত নাট উপভোগ কৰিব পাৰিব সকলোৱে ৷ অসমীয়া আৰু নগাৰ মাজত সংঘাতৰ পৰিৱৰ্তে শান্তি সম্প্ৰতি এনাজৰীডাল অধিক কটকটীয়া কৰি তুলিব এই নাট্য মহোৎসৱে ৷ ইয়াৰ বাবে যুদ্ধকালীন তৎপৰতাৰে সজাই তোলা হৈছে নাট্য মহোৎসৱস্থলী (Foothils Drama Festival at Assam Nagaland border)৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.