মাণিকপুৰত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

By

Published : Sep 22, 2022, 11:26 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ মৌখোৱা খেলপথাৰত মৌখোৱা চানেকী সংঘৰ উদ্যোগত স্বৰ্গীয় ছাহাবুদ্দিন আহমেদ আৰু ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে (Prize money football tournament in Manikpur)। বুধবাৰে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মৌখোৱা গাঁৱৰ প্ৰবীণ ফুটবল খেলুৱৈ সত্যেশ্বৰ পাঠকে । কাৰ্যসূচীত খেলৰ উদ্বোধক সত্যেশ্বৰ পাঠকক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনাও জনোৱা হয় । উদ্যোক্তাই জনোৱা মতে প্ৰায় ২০ বছৰ ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে । এইবাৰ মুঠ ১৬ টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে (Football tournament starts in Manikpur)। উদ্বোধনী খেলখন বালাপেট এফ ছি বনাম সোনাইকোলা এফ চিৰ মাজত অনুষ্ঠিত হয় । খেলখনত বালাপেট এফ চি ৪-১ গ'লৰ ব্যৱধানত জয়ী হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.