আইন ভংগ কৰি নিশা কাজিৰঙাত প্ৰৱেশ: মুখ্যমন্ত্ৰীসহ সদগুৰুৰ বিৰুদ্ধে এজাহাৰ

By

Published : Sep 25, 2022, 7:20 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, সদগুৰু জগদীশ বাসুদেৱৰ বিৰুদ্ধে বোকাখাত থানাত(Bokakhat police station) এজাহাৰ (FIR against Himanta Biswa Sarma)। শনিবাৰে সন্ধিয়া সদগুৰু জগদীশ বাসুদেৱৰ(Sadguru in Kaziranga) সহিতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আইন-১৯৭২(Wildlife Protection Act 1972) ভংগ কৰা বুলি অভিযোগ তুলি দাখিল কৰা হৈছে এজাহাৰ ৷ জীপাল কৃষক শ্ৰমিক সংঘই বোকাখাত থানাত এজাহাৰখন দাখিল কৰি অতি সোনকালে দোষীক গ্ৰেপ্তাৰৰ দাবী তুলিছে । লগতে মুখ্যমন্ত্ৰীৰ লগত প্ৰৱেশ কৰা সজাতি দলটোক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী তোলাৰ সমান্তৰালভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায় । কাজিৰঙাৰ পৰম্পৰাগত সুৰক্ষা নীতি বে-আইনীভাৱে শিথিল কৰা এই প্ৰৱণতাই ভৱিষ্যত দিনত কাজিৰঙাৰ বাবেই ভাবুকি হৈ ৰ’ব বুলি মতপোষণ কৰে অভিযোগকাৰী সোনেশ্বৰ নৰহে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.