Madahi Students Union : বাক্সাৰ বৰিমাখাত মদাহি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন

By

Published : Jan 12, 2023, 8:26 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বাক্সা জিলাৰ বৰিমাখাত বৃহস্পতিবাৰে সদৌ মদাহি জনজাতি ছাত্ৰ সন্থাৰ (All Madahi Tribal Students Union) ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় (establishment day of Modahi student union) ৷ ১৯৮৮ চনৰ আজিৰ দিনটোতে সদৌ মদাহি জনজাতি ছাত্ৰ সন্থাই প্ৰতিষ্ঠা লাভ কৰিছিল ৷ মদাহি জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আৰু জনজাতিটোৰ সুকীয়া স্থান অটুট ৰাখিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে মদাহি ছাত্ৰ সন্থাই । পুৱা ছাত্ৰ সন্থাৰ সভাপতি বিজয় মদাহিয়ে পতাকা উত্তোলন কৰাৰ পাচতে স্মৃতি তৰ্পণ কৰে ৰবীন মদাহিয়ে ৷ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত (37th establishment day of Modahi student union) উপস্থিত থাকি সদৌ অসম মদাহি জনজাতি ছাত্র সন্থাৰ সভাপতি বিজয় মদাহিয়ে কয় যে দীৰ্ঘদিন ধৰি মদাহি জনজাতিটোৱে এখন সুস্থ-সবল সমাজ গঠনত ভূমিকা গ্রহণ কৰি আহিছে । আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ইংৰাজী ভাষাত মদাহি জনজাতিৰ ইতিহাস সম্বলিত এখন পুস্তিকাও উন্মোচন কৰা হয় ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.