Child Death in Barpeta: মোমায়েকৰ ঘৰলৈ আহি পানীত পৰি ভাগিনৰ মৃত্যু
Published on: Aug 2, 2022, 7:05 PM IST

বৰপেটাৰ হাবি ৰাধাকুছি গাঁৱত শোকাৱহ ঘটনা । মোমায়েকৰ ঘৰলৈ আহি পানীত পৰি ভাগিনৰ মৃত্যু (Child dead in Barpeta)। মৃত শিশুটোৰ নাম আহমদ আলী ৷ ছয়গাঁৱৰ কানহাৰা গাঁৱৰ পৰা তিনিদিন পূৰ্বে মিজানুৰ আলীৰ ৮ বছৰীয়া শিশুটো মাতৃৰ সৈতে ৰাধাকুছিৰ মোমায়েকৰ ঘৰলৈ আহিছিল । শিশুটোৱে ঘৰৰ কাষতে নাৱঁত উঠি খেলি থকা অৱস্থাতে অকস্মাৎ পানীত পৰি মৃত্যু হয় । পাছত স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি নগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ(Nagaon Primary Health Centre) লৈ যায় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি প্ৰকাশ কৰে । মোমায়েকৰ ঘৰলৈ আহি এনেদৰে শিশুটেৰ মৃত্যুকলৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
Loading...