Pitiful atmosphere at Jonai School: গুটখাৰ পিকেৰে ৰাঙলী জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱাল

By

Published : Jan 27, 2023, 1:26 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

জোনাই,২৭ জানুৱাৰী: আপুনি নিশ্চয় বিভিন্ন ৰাজহুৱা স্থান, বাছ আস্থান কিম্বা তামোল-পানৰ দোকানৰ চৌহদ আদিত অথবা পথৰ দাঁতিত তামোল-গুটখা খাই পিকাই কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰা লক্ষ্য কৰিছে । কেতিয়াবা হয়তো ইয়াৰ বিৰুদ্ধে মাত মাতিছে অথবা আন কেতিয়াবা নাক কোঁচাই আঁতৰি আহিছে । পিছে এইবাৰ ৰাজহুৱা স্থান বাছ আস্থান কিম্বা তামোল-পানৰ দোকানৰ চৌহদ নহয়, শিক্ষানুষ্ঠানৰ দৰে এখন পৱিত্ৰ অনুষ্ঠানৰ শ্ৰেণী কোঠাই কোঠাই গুটখাৰ পিকেৰে ৰাঙলী ৷ 

এখন-দুখন দেৱাল নহয়, প্ৰতিটো শ্ৰেণী কোঠাতে পিক পেলাই শিক্ষানুষ্ঠানৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে সৃষ্টি কৰিছে শিক্ষানুষ্ঠানখনৰ কদৰ্য ৰূপ(Educational environment ruined in Jonai school) ৷ কিন্তু আপুনি ভৱাৰ দৰে সাধাৰণ শিক্ষানুষ্ঠানত এই পৰিৱেশ সৃষ্টি হোৱা নাই । এয়া এখন বহু পুৰণি তথা এটা অঞ্চলৰ গৌৰৱৰ ধ্বজ্জা বহন কৰা এখন শিক্ষানুষ্ঠানৰ পৰিৱেশ । এয়া ধেমাজি জিলাৰ জোনাইৰ গৌৰৱোজ্বল তথা সোণালী জয়ন্তী বৰ্ষ গৰকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য(Pitiful atmosphere at Jonai School) ৷ 

জোনাইৰ শিক্ষাৰ বাটকটীয়া জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত ক্ৰমে বিনষ্ট হৈ আহিছে শৈক্ষিক পৰিৱেশ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ অকৰ্মণ্যতা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ হেমাহিৰ ফলত দিনক দিনে বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট হৈ অহালৈ চাই চিন্তিত হৈ পৰিছে অভিভাৱক তথা সচেতন ৰাইজ ৷ ইফালে বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ হেমাহিৰ ফলত বিদ্যালয়খনত কোনোধৰণৰ নীতি-নীয়ম কিম্বা অনুশাসনমূলক ব্যৱস্থা নথকাত ছাত্ৰছাত্ৰীৰ মাজত দিনক দিনে দেখা গৈছে বিশৃংখলতাৰ ৷ 

ফলত বিদ্যালয়খনৰ একাংশ ছাত্ৰই পাঠ গ্ৰহণৰ বীপৰিতে গোটখা,শিখৰ তথা ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰি শ্ৰেণী কোঠাৰ বেৰ, মজিয়া আৰু শৌচগাৰ আদিত য’তে ত’তে  পিক পেলাই বিনষ্ট কৰি আহিছে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ(Students spit Jonai School walls) ৷ ছাত্ৰ-ছাত্ৰীয়ে সৃষ্টি কৰা এনে পৰিৱেশ দেখি সৰৱ হৈ পৰিছে সচেতন মহল । শিক্ষানুষ্ঠানৰ দৰে এক পৱিত্ৰ অনুষ্ঠানত এনেদৰে পিক পেলাই বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰা ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়খনৰ দায়িত্বহীন শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে এক ডাঙৰ প্ৰশ্ন ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.