কলিয়াবৰত পৰিত্যক্ত বাহনৰ পৰা জব্দ ড্ৰাগছ

By

Published : Sep 18, 2022, 7:49 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ইয়াৰ মাজত পুনৰ নগাঁও আৰক্ষীৰ এক বৃহৎ সফলতা । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৬৭০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী (Nagaon police seized drugs)। নগাঁৱৰ কলিয়াবৰ আৰু চুলুং আৰক্ষীৰ সহযোগত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান । কুঁৱৰীটোলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত থকা এখন বাহনত উদ্ধাৰ ড্ৰাগছখিনি । বাহনখনৰ পৰা আৰক্ষীয়ে ১৬ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে য'ত ড্ৰাগছখিনি লুকাই ৰখা হৈছিল (Drugs seized in Nagaon)। ড্ৰাগছসহ জব্দ হোৱা বাহনখনৰ নম্বৰ AS-02-AJ-1230 । আৰক্ষীয়ে সন্দেহ কৰা মতে আৰক্ষীৰ উপস্থিতিৰ উমান পায় ড্ৰাগছ সৰবৰাহকাৰীয়ে বাহনখন তাতে এৰি পলায়ন কৰিছে । ইফালে বাহনখনৰ গৰাকী বেচিমাৰীৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.