Do Nyi Po lo International theatre festival: লুইতৰ পাৰত ডনী প’ল নাট মহোৎসৱ

By

Published : Nov 20, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলী ৷ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী ৷ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিৰ মাজত সোণত সুৱগা চৰাই দেশ বিদেশৰ শিল্পী আহি একত্ৰিত হৈছেহি সত্ৰ নগৰী মাজুলীত ৷ সংস্কৃতিৰ আদান প্ৰদান ক্ষেত্ৰলৈ পৰিণত হৈছে পবিত্ৰ ক্ষেত্ৰ মাজুলী ৷ লুইতৰ দাঁতি কাষৰতে অস্থায়ীভাৱে নিৰ্মান কৰা হৈছে তিনিখনকৈ নাট্যক্ষেত্ৰ ৷ য’ত পৰিৱেশন কৰা হৈছে নাটক । বাঁহ গছৰ শীতল ছাঁত কৃত্ৰিমতা নোহোৱাকৈ শিল্পীয়ে প্ৰদৰ্শন কৰিছে নাটক । প্ৰথমবাৰৰ বাবে মাজুলীত ব্ৰহ্মপুত্ৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ডনী পল আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ উৎসৱ (Do Nyi Po lo International theatre festival)। য'ত অংশগ্ৰহণ কৰিছে উৰুগুৱে, মুম্বাই, মণিপুৰ, গুৱাহাটীৰ কেইবাটাও অপেছাদাৰী নাট্যদলে (Do Nyi Po lo International theatre festival in Majuli)। ধেমাজিৰ বিশিষ্ট নাট্য ব্যক্তিত্ব অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত বৰপাত্ৰ গোঁহাইয়ে উদ্বোধন কৰা থিয়েটাৰ উৎসৱৰ আৰম্ভণিতে ভিন্ন সাংস্কৃতিক দলে প্ৰদৰ্শন কৰে নিজা কৃষ্টি-সংস্কৃতি । ইয়াৰ পিছতে নাট্য উৎসৱৰ প্ৰথমখন নাটক প্ৰদৰ্শন কৰে মণিপুৰৰ নাট্যদলে ৷ অন্যহাতে মাজুলীৰ কৃষ্টি সংস্কৃতি আৰু মাজুলীৰ যুৱ-প্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই নিবলৈ অপেছাদাৰী নাট্য উৎসৱ আৰু নাট্য কৰ্মশালাৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে ব্ৰহ্মপুত্ৰ নাট্য উৎসৱৰ উদ্যোক্তাই ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.