Protest at Agartala : চৰকাৰী বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী SFI আৰু TSUৰ

By

Published : Aug 3, 2022, 4:08 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ত্ৰিপুৰাত শিক্ষক নিযুক্তিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (Protest demanding appointment of teachers in Tripura)। চিপিআই(এম)ৰ ছাত্ৰ সংগঠন ষ্টুডেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়া (SFI) আৰু ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নে (TSU) আগৰতলাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে (SFI and TSU protest at Agartala)। আগৰতলাৰ বাটলাত প্ৰায় ১৫ ধৰি পথ অৱৰোধ কৰে সংগঠন দুটাৰ কৰ্মীসকলে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এছ এফ আইৰ ৰাজ্যিক সভাপতি সন্দীপন দেৱে কয় যে সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষকৰ নাটনি হৈ আছে । কিন্তু চৰকাৰে বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ছাত্ৰ নেতাগৰাকীৰ । নেতাগৰাকীৰ মতে শিক্ষক নিযুক্তিৰ দাবীত শিক্ষাৰ্থীসকলে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু মন্ত্ৰী-বিধায়কসকলে এ.চি কোঠাত বহি আনন্দ লৈছে । শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নল'লে সংগঠন দুটাই আগন্তুক দিনত প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও দাবী কৰে প্ৰতিবাদকাৰীয়ে । সংগঠন দুটাৰ প্ৰতিবাদে অতি ভয়ংকৰ ৰূপ লোৱাৰ সময়তে চিআৰপিএফ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে (SFI and TSU blocked road in Agartala)। আনকি আৰক্ষী আৰু সংগঠনৰ কৰ্মীসকলৰ মাজত তীব্ৰ সংঘাতৰো সৃষ্টি হয় । আৰক্ষীয়ে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.