জনজাতিকৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল

By

Published : Sep 25, 2022, 9:06 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

চুতীয়াসকলক স্বায়ত্ব শাসন প্ৰদানৰ লগতে জনজাতিকৰণৰ দাবীত আজি সন্ধিয়া ৰাজ্যজুৰি জোৰ সমদল বাহিৰ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই (Chutia Student Union protest in Lakhimpur) । লখিমপুৰতো জিলা চুতীয়া ছাত্ৰ সন্থাই জিলা কাৰ্যালয়ৰ পৰা সমদল বাহিৰ কৰে (Chutia demands ST status) । কিন্তু জোৰ লৈ সমদল বাহিৰ কৰাৰ লগে লগে আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় । ন' এছ টি ন ৰেষ্ট, কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, অসম চৰকাৰ হায় হায়, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ শাসকীয় দলটো প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে আৰু এনে প্ৰতাৰণা সহ্য কৰা নহ’ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰিলে চৰকাৰে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলিও চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই চৰকাৰক সকীয়নি প্ৰদান কৰে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.