Chhath Puja 2022: ধুবুৰীত ষঠ পূজাৰ ব্যাপক আয়োজন

By

Published : Oct 30, 2022, 9:03 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

আজি ষঠ পূজা (Chhath Puja 2022) ৷ হিন্দু ধৰ্মীয় বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ বাবে অন্যতম পূজা হৈছে ষঠ পূজা । পূৰ্বৰ পৰম্পৰা অনুযায়ী তিনিদিনীয়াকৈ পালন কৰা হয় এই ষঠ পূজা । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ষঠ পূজাৰ বাবে ব্যাপক আয়োজন চলিছে ৷ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত স্নান আৰু পূজাৰ আয়োজন কৰিছে জিলা প্ৰশাসন আৰু ষঠ পূজা কমিটিয়ে । ধুবুৰীৰ যোগমায়া ঘাট, পঞ্চঘাট আৰু মেলা ঘাটকে ধৰি তিনিখন মূল ঘাটৰ উপৰিও আন দুখনকৈ ঘাটত ষঠ পূজাৰ আয়োজন কৰা হৈছে । ধৰ্মীয় পৰম্পৰা অনুযায়ী বিহাৰী সম্প্ৰদায়ৰ লোকসকলে শনিবাৰে নিশা ষঠ পূজাৰ ধৰ্মীয় নীতি-নিয়ম অনুসৰি উপবাসত থাকে । আজিৰ দিনটো উপবাসে থাকি বিয়লি ব্ৰহ্মপুত্ৰৰ ঘাটত উপস্থিত হৈ ধৰ্মীয় নীতি-নিয়ম পালন কৰিব । তাৰ পিছত সোমবাৰে পুৱা পুনৰ পাৰ ঘাটত উপস্থিত হৈ পৰম্পৰা অনুযায়ী পূজা সম্পন্ন কৰিব ধুবুৰীৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে । ষঠ পূজা উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ ধুবুৰীত।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.