আঠবছৰৰ অন্তত কষ্টই সাৰ্থক ৰূপ পালে চাবুৱাৰ পৰাগজ্যোতি গগৈৰ

By

Published : Sep 19, 2022, 11:15 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আঠবছৰ নিৰৱচ্ছিন্ন চেষ্টাৰ অন্তত সপোন বাস্তৱ হ'ল চাবুৱাৰ পৰাগজ্যোতি গগৈৰ ৷ দেওবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022) । এই পৰীক্ষাত সফল হোৱাৰ পাছতে এতিয়া আনন্দৰ বন্যা বৈছে চাবুৱাৰ দঙ্গৰচুক গাৱঁত ৷ দঙ্গৰচুক গাঁৱৰ পুতুল গগৈ আৰু মাতৃ ৰেখা গগৈৰ প্ৰথম পুত্ৰ পৰাগজ্যোতি গগৈয়ে অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে পিতৃ-মাতৃ, পৰিয়ালবৰ্গৰ লগতে বন্ধুমহলতো আনন্দই বিৰাজ কৰা পৰিলক্ষিত হৈছে(One from chabua recruited in Assam police) ৷ সৰুৰে পৰা আৰক্ষী হোৱাৰ সপোন পুহি ৰখা পৰাগজ্যোতিয়ে আঠ বছৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ বলত অসম আৰক্ষীত নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ তথা স্থানীয় লোক ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.